Tuesday, 17 December 2013




তই মোৰ সোণ ...







বালিকে সোণ বুলি জোৰকৈ খামুছি ধৰিছিলো। ..

আঙুলিৰ ফাঁকেৰে খৰকি গৈ থাকিল বালিবোৰ 
আৰু  শিথিল হব ধৰিলে মুঠি !

মুঠি খুলি দেখিলো 

হাতৰ তলুয়াত   জলমলাই থাকিল 
কেইটামান সোণৰ চেঁকুৰা...



Wednesday, 11 September 2013



 সহচৰ







তোমাক লৈ ফুৰিছিলো 
'মই' নামৰ দ্বীপটোত ...

অজয় নদীৰ সোঁতৰ দৰেই 

পাঁক ঘুৰণী খাই আছিল  
দ্বীপটোৰ চৌকাষে 

মোৰ সহচৰ !