খিড়িকিৰে সুখ উৰি আহে
আৰু মনত পৰে,
আমি ৰুইছিলো এডৰা জঙ্ঘল
সেউজীয়া পথাৰত,
কাঠ চম্পাৰে ভৰি পৰা সুৰুলৰ দেউল
স্বচ্ছন্দে উত্তাল হৈ উঠে তোমাৰ আৰু মোৰ ওমকাৰ
মই সচঁকিত হওঁ...
উঁকি মাৰি গৈ থাকে
দুৰন্ত ৰেল গাড়ী
একেই বেগত দেউ দিব খোজে মোৰ দুচকীয়া বাহন
দোলা দি যাই
অজয় নদীৰ দলং
চিপ্ চিপ্ বৰষুণ
তেতিয়াও আছিল ওৰেটো বাটত...

No comments:
Post a Comment